Dailymotion

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত নগাঁৱত আছুৰ মম শিখা সমদল

ETVBHARAT10/29/2026

About this video

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত নগাঁৱত আছুৰ মম শিখা সমদল is a video by ETVBHARAT, published on October 29, 2026. Stream it on TubeSearch Pro for a clean, distraction-free viewing experience and explore more related videos from ETVBHARAT below.

Description

নগাঁও: সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে বৃহস্পতিবাৰে সন্ধিয়া নগাঁও জিলা ছাত্ৰ সন্থাই এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । অসমৰ কোটি কোটি জনতাৰ হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ দাবীত নগাঁও চহৰৰ ৰাজপথত এক বিশাল মম শিখা সমদল উলিওৱা হয় ।

নগাঁও জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদী সমদলটোৱে সমগ্ৰ নগাঁও চহৰ পৰিক্ৰমা কৰে । সমদলত অংশগ্ৰহণ কৰা শতাধিক ছাত্ৰ-যুৱক আৰু প্ৰতিবাদকাৰীয়ে শিল্পীগৰাকীৰ প্ৰতি থকা মৰম আৰু আৱেগ প্ৰকট কৰাৰ লগতে জুবিন গাৰ্গৰ ক্ষেত্ৰত ক্ষিপ্ৰ আৰু উচিত ন্যায় প্ৰদানৰ দাবীৰে আকাশ-বতাহ কঁপাই তোলে ।

এই গুৰুত্বপূৰ্ণ প্ৰতিবাদী কাৰ্যসূচীত আছুৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতে নগাঁও জিলা সমিতি আৰু বিভিন্ন আঞ্চলিক সমিতিৰ বহুসংখ্যক বিষয়ববীয়া তথা ছাত্ৰ-ছাত্ৰীয়ে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰে । প্ৰতিবাদকাৰীসকলে স্পষ্ট কৰি দিয়ে যে অসমীয়াৰ আবেগ জুবিন গাৰ্গৰ ন্যায়ৰ এই সংগ্ৰাম চৰকাৰে কোনো কাৰণতে আওকাণ কৰিব নোৱাৰে ।

লগতে পঢ়ক: জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজ্যপালক ৭ দফীয়া দাবীৰ স্মাৰক পত্ৰ দাখিল গৰিমা শইকীয়া গাৰ্গৰ

জুবিন গাৰ্গৰ ন্যায়ৰ আন্দোলনত গৰিমা গাৰ্গক সমুখৰ পৰা নেতৃত্ব দিয়াৰ আহ্বান